ডাউনলোড
মোবাইল এপ

android apple
signal

April 29, 2024 1:05 PM | Mumbai

printer

মুম্বাইত কৃত্রিম বুদ্ধিমত্তাৰ মধ্যকালিন বাৰ্ষিক সন্মিলন উদ্বোধন

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছে কালি মুম্বাইৰ বোম্বে হাস্পতালত স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ কৃত্রিম বুদ্ধিমত্তাৰ মধ্যকালিন বাৰ্ষিক সন্মিলন উদ্বোধন কৰে। নেচনেল একাডেমী অফ মেডিকেল ছায়েন্স আৰু বোম্বে হস্পিতেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয়। কৃত্রিম বুদ্ধিমত্তাক স্বাস্থ্যসেৱাৰ দৃষ্টিভংগী সলনি কৰিবলৈ লোৱা বৈপ্লৱিক প্ৰযুক্তি বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে, কৃত্রিম বুদ্ধিমত্তাই ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ খৰচ হ্ৰাস কৰাত সহায় কৰিব। প্ৰযুক্তিৰ শক্তিক সহায় হিচাপে লৈ চিকিৎসক আৰু বিশেষজ্ঞসকলক ৰোগীৰ সৈতে ব্যক্তিগতভাৱে ভাল যোগাযোগ বজাই ৰাখিবলৈ ৰাজ্যপালগৰাকীয়ে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক