October 4, 2024 7:54 PM | Kiren Rijiju

printer

মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকৰ অধিকাৰ সুৰক্ষা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : কিৰেণ ৰিজিজু

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে, চৰকাৰ মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকসকলৰ অধিকাৰ সুৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সংসদৰ সমাগত শীতকালীন অধিবেশনত যুটীয়া সংসদীয় সমিতিৰ সকলো পৰামৰ্শ বিবেচনাৰ জৰিয়তে ৱাফ সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব বুলি তেওঁ সদৰি কৰে । নাগপুৰত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। এই আইনৰ অন্তৰালৰ উদ্দেশ্য বাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুষ্টিমেয় সংখ্যক মুছলমান লোকে ৱাল্ফৰ সম্পদসমূহ অধিকাৰ কৰি ৰাখিছে। ইয়াৰ ফলত সম্প্রদায়টোৰ অন্যান্য প্রান্তীয় লোকসকল এই সম্পদসমূহৰ জৰিয়তে উপকৃত হোৱাৰ পৰা বঞ্চিত হোৱা বুলি তেওঁ প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে, এই আইন বলবৎ কৰাৰ জৰিয়তে ভূমিসমূহ চৰকাৰী নিয়ন্ত্ৰণৰ অধীনত সুৰক্ষিত হৈ থকাৰ পথ মুকলি হ’ব। এই পদক্ষেপৰ ফলত এনেধৰণৰ লোকসকলে ন্যায় লাভ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। মণিপুৰৰ হিংসা সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত থলুৱা জনগোষ্ঠীৰ মাজত হিংসাৰ সৃষ্টি হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই পৰিস্থিতি সৃষ্টি হোৱা নাই । কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ সমাধান বিচাৰি উলিয়াব বুলি উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে, এই হিংসা ৰোধ কৰিবলৈ সামৰিক বাহিনী শেষ সমাধান নহয়। ইয়াৰ পূৰ্বে ৰিজুৱে নাগপুৰত ড০ বাবা চাহেব আম্বেদকাৰৰ কেন্দ্ৰীয় স্মাৰক দীক্ষা ভূমিত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে মুম্বাইৰ সত্যভূমি আৰু নাগপুৰৰ দীক্ষাভূমিকে ধৰি মহাৰাষ্ট্ৰৰ বৌদ্ধ ধৰ্মীয় স্থানসমূহৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক