October 28, 2024 8:02 PM | Pabitra Margherita

printer

মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰশিল্প আৰু বহিঃপৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধীনৰ গুৱাহাটীত থকা মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কৰে। এই সংস্থাটোৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু তামিলনাড়ুত থকা ১৩টা ক্ষেত্রগোটে মানসম্পন্ন মুগা আৰু এড়ি ৰেচমপলু বীজ উৎপাদনত সমর্থন আগবঢ়াই আহিছে। পৰিদৰ্শন কালত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলত এই খণ্ডটোৱে অঞ্চলটোৰ জনজাতি মহিলাসকলক জীৱন জীৱিকাৰ সুবিধা প্ৰদান কৰি এটা সম্ভাৱনাপূর্ণ উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। পৰিৱৰ্তিত জলবায়ু পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি এই সংস্থাটোৰ কেন্দ্ৰ পশ্চিম বংগৰ কালিমপং আৰু উত্তৰাখণ্ডলৈ সম্প্ৰসাৰণ কৰাৰো তেওঁ পোষকতা কৰে। তদুপৰি এই খণ্ডটোৰ উন্নয়নৰ বাবে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰাতো তেওঁ গুৰুত্ব প্ৰদান কৰে ৷

অধিক পঢ়ক

সকলো চাওক