ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। সমাৰোহখনত ৰাজ্যসমূহৰ সহযোগিতাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰীত্ব শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱাৰ লগতে সমাৰোহখনত সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাত আলোকপাত কৰা হ’ব। তদুপৰি দ্ৰুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অধিক সমন্বয়ত গুৰুত্ব দিয়া হ’ব। মুখ্য সচিবসকলৰ প্ৰথমখন ৰাষ্ট্ৰীয় সমাৰোহ ২০২২ চনৰ জুনত হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হৈছিল। দ্বিতীয়খন সমাৰোহ যোৱা বছৰৰ জানুৱাৰীত আৰু তৃতীয়খন সমাৰোহ যোৱা বছৰৰ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল।আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকলৰ লগতে জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গ আৰু একাংশ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য সচিবসকলৰ সমাৰোহৰ আৰম্ভণি কৰিছিল। এইবাৰৰ সমাৰোহৰ জৰিয়তে ৬ টা খণ্ড ক্রমে নির্মাণ, সেৱা, গ্রাম্য, নগৰ, পুনৰনবীকৰণ শক্তি আৰু বৃত্তাকাৰ অৰ্থনীতিত আলোকপাত কৰা হৈছে। সমাৰোহত বিকশিত ভাৰতৰ বাবে উচ্চ প্রযুক্তি, অর্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে মহানগৰসমূহৰ বিকাশ, বিনিয়োগৰ বাবে ৰাজ্যসমূহৰ অৰ্থনৈতিক সংস্কাৰ আৰু মিছন কৰ্মযোগীৰ জৰিয়তে যোগ্যতা নির্মাণ বিষয়ত চাৰিখন বিশেষ অধিবেশন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক