মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ২০০৪ চনৰ পি ভি চিন্নায়াৰ ৰায়ক ৬-১ বহুমতত খাৰিজ কৰে। চিন্নায়াই তেওঁৰ ৰায়ত অনুসূচিত জাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত উপ-বৰ্গীকৰণ চৰকাৰী চাকৰি আৰু প্ৰৱেশৰ ক্ষেত্ৰত স্বীকাৰ কৰা নহ’ব বুলি কৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিজৰ ৰায়ত আজি ঐতিহাসিক সাক্ষ্যৰ বিষয়ে উল্লেখ কৰি কয় যে অনুসূচিত জাতি সমজাতিক নহয়। ইয়াৰ উপ-বৰ্গীকৰণ সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদৰ উলংঘন নহয় বুলিও তেওঁ কয়।
Site Admin | August 1, 2024 2:54 PM | Supreme Court | Supreme Court of India
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান
