মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব। এই আঁচনিখন অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল’ব। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ’বলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী এহেজাৰ টকাকৈ, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী দুহেজাৰ ৫০০ টকাকৈ লাভ কৰিব।

ইপিনে অসম চৰকাৰে এটা বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে যে স্নাতকোত্তৰ আৰু বি এড শিক্ষাৰ্থীৰ বাহিৰে আন বিবাহিতা ছাত্ৰী কিম্বা চাকৰিয়াল বি এড শিক্ষার্থী, মন্ত্রী-সাংসদ-বিধায়কৰ কন্যা, বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ’ব।

অধিক পঢ়ক

সকলো চাওক