মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন

♦ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰে৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ ঘটোৱাৰ লগতে নিয়োগৰ অফুৰন্ত সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। এই প্ৰকল্পত মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। প্ৰকল্পটো সম্পূর্ণ হ’লে ২৭ হাজাৰ কৰ্মসংস্থান সৃষ্টি হ’ব। ৪৮ মিলিয়ন চিপ উৎপাদনৰ সামর্থ থকা এই প্রকল্প ৰাজ্যত প্ৰযুক্তিগত প্ৰগতিৰ দিশত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। ১৮ মাহত প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক