ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 6:23 PM | CM Assam at Lakhimpur

printer

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হয়। এই কাৰ্যসূচীৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হয়। চকুলিভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ সমীপত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে ২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ফটাসুঁতিঘাটৰ ৰঙানদীৰ পকী দলং উদ্বোধন কৰে। একেদৰে আজাদত ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা চৰকাৰী আইন মহাবিদ্যালয়ৰ ভৱনটোও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। ইয়াৰ লগতে তেওঁ ১০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া লখিমপুৰৰ চৰকাৰী নাৰ্ছিং মহাবিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু হোষ্টেলৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বগীনদীত প্রেক্ষাগৃহসহ এটা অতিথিশালাৰ ভূমি পূজনত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে বানত ক্ষতিগ্রস্ত ২২,৬৩৬টা পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩৫৪ গৰাকী সদস্যকো আজিৰ অনুষ্ঠানত এক কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ইফালে ওদালগুৰি জিলাত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা উপস্থিত থাকে। এই সভাত ৯৪৩ গৰাকী শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা, ৪০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা আৰু ৬,৫৫৫ গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল প্ৰদান কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক