ডাউনলোড
মোবাইল এপ

android apple
signal

August 23, 2024 6:24 PM | Kejriwal SC

printer

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত

উচ্চতম ন্যায়ালয়ে আজি দিল্লী সুৰা নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো, চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই বিচৰা জামিন আবেদনৰ শুনানি স্থগিত ৰাখে৷ চি. বি. আইয়ে গোচৰটোত প্ৰত্যুত্তৰ দাখিল কৰিবলৈ সময় বিচৰাৰ পিছতে এই শুনানি ৫ চেপ্টেম্বৰলৈ স্থগিত ৰখা হৈছে। ন্যায়াধীশ সূর্যকান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে দিল্লীৰ আদালতে অভিযুক্ত শ্রী কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা ২৭ আগষ্টলৈকে বৃদ্ধি কৰিছিল৷ উল্লেখযোগ্য যে চিবিআইয়ে আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীক ২০২৪ চনৰ ২৬ জুনত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক