ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ আম আদমী পাৰ্টীয়ে জনসাধাৰণ আৰু সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিছে। বিজেপি নেতা বাঞ্চুৰী স্বৰাজে কয় যে, ই ডিৰ গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে এয়া আপৰ জয় নহয়। এই গোচৰত যে কেজৰিৱাল অভিযুক্ত সেই সন্দৰ্ভত ই ডিৰ হাতত পৰ্য্যাপ্ত প্রমাণ আছে। লগতে নেতাগৰাকীয়ে কয় যে, এই সন্দৰ্ভত ই ডিৰ হাতত যথেষ্ট প্রমাণ আছে বুলিও উচ্চতম ন্যায়ালয়ে মানি লৈছে। ইফালে, আম আদমী পাৰ্টীয়ে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক ঐতিহাসিক ৰায়দান বুলি অভিহিত কৰিছে। ৰায়দানৰ পাছতে আম আদমী পাৰ্টীৰ মুখপাত্ৰ সন্দীপ পাঠকে সংবাদ মাধ্যমৰ আগত এই গোচৰটো বিজেপি চৰকাৰেহে সৃষ্টি কৰিছে বুলি কৈছে। তেওঁ লগতে এই গোচৰটোক উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে বুলি উল্লেখ কৰে।
Site Admin | July 12, 2024 8:36 PM