আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছে। দলৰ নেতা সঞ্জয় সিঙে আজি এখন সংবাদমেলত কয় যে কাঁচৰ খিৰিকীৰে বিভক্ত এটা কক্ষত অকল অৰবিন্দ কেজৰিৱালৰ পত্নী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎ কৰিব পৰাৰ অনুমতি প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশোধৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰি শ্ৰী সিঙে কয় যে কোনোধৰণৰ হেঁচাই কেজৰিৱালৰ মন ভাঙিব নোৱাৰে। তেওঁ লগতে আম আদমী পাৰ্টীক ধ্বংস কৰাই দিল্লী আবকাৰী নীতি কেলেংকাৰিত বিজেপিৰ একমাত্ৰ উদ্দেশ্য বুলি মন্তব্য কৰে।
Site Admin | April 16, 2024 6:14 PM | AAP Appeal
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ দলৰ নেতা সঞ্জয় সিঙৰ
