July 7, 2024 11:30 AM | Assam Flood

printer

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত অঞ্চল পৰিদৰ্শন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই মাজুলী সমষ্টিৰ অন্তৰ্গত কেকেৰ আৰু কাচিকটা অঞ্চলৰ বান পৰিস্থিতি তথা খহনীয়া পৰিদৰ্শন কৰে। বানৰ বাবে হোৱা অঞ্চলটোৰ ক্ষয়-ক্ষতি আৰু আন অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ ৰাইজক সম্ভাৱ্য সকলোখিনি সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। ইফালে, যোৰহাট আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই কালি যোৰহাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পূব টীয়ক পঞ্চায়তৰ অন্তৰ্গত বৰালীমৰা চুছাবাটত উপস্থিত হৈ বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে। লগতে সেই স্থানতে জিলা প্রশাসনে স্থাপন কৰা স্বাস্থ্য শিবিৰসমূহো পৰিদৰ্শন কৰে। তাৰপাছতে তেওঁ যোৰহাট জিলাৰ ঔগুড়ি নেপালী আৰু অৰুণামুখ মিচিং গাঁৱত উপস্থিত হৈ স্বাস্থ্য শিবিৰসমূহ পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সকলো সুবিধা জনসাধাৰণে লাভ কৰিছেনে নাই, সেই বিষয়েও পর্যবেক্ষণ কৰে। বান পৰিস্থিতিৰ শেহতীয়া পৰিৱেশৰ বুজ লোৱাৰ উদ্দেশ্যে কালি মন্ত্ৰী অতুল বৰা পুনৰ নগাঁৱত উপস্থিত হয়। জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই চৰকাৰে আগবঢ়োৱা সাহায্য, চিকিৎসা তথা আনুসংগিক সা-সুবিধাৰ সবিশেষ বুজ লয়। তদুপৰি তেওঁ জিলা প্ৰশাসনৰ বিষয়াসকলক বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যাৱতীয় নির্দেশনা দিয়ে। ইফালে, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ মিছা, ৰৌমাৰী, বৰালীগাঁও, দলগাঁও, দাড়িগজি, বৰবালিটোপ, হাতীমূৰা আদি অঞ্চলসমূহত উপস্থিত হৈ ৰাইজৰ অসুবিধাৰ বুজ লয়। নিশাৰ ভাগত মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী অতুল বৰাৰ সৈতে গৈ কলংমুখত জলসম্পদ বিভাগে পার্কুপাইন, জিঅ’বেগ আদিৰ জৰিয়তে ভগ্ন অংশ বন্ধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হাতীমূৰা মথাউৰিৰ বিচ্ছিন্ন অংশটো পৰ্যবেক্ষণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি মাৰ্ঘেৰিটাত উপস্থিত হৈ মাকুমকিল্লা অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুটাকৈ বান শিবিৰো পৰিদৰ্শন কৰে। ইপিনে, শাসকীয় পক্ষৰ প্ৰতিনিধিৰ সমান্তৰালভাৱে বিৰোধী দলৰ কেইবাগৰাকী সাংসদ তথা বিধায়কে ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল’বলৈ বানপীড়িত অঞ্চলত উপস্থিত হয়। কলগাছিয়াত কালি বেঁকী নৈৰ খহনীয়া পৰিদৰ্শন কৰি সাংসদ ৰকিবুল হুছেইনে খহনীয়াগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ দুখ প্ৰকাশ কৰে। ইয়াৰ পাছতে তেওঁ যোগীঘোপা, কাবাইতাৰি আৰু চলন্তাপাৰাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। ইপিনে, নুমলীগড়ৰ বানবিধবস্ত বংকোৱালত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বানপীড়িতৰ দুখ-দুদৰ্শাৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক