ডাউনলোড
মোবাইল এপ

android apple
signal

February 2, 2025 11:41 AM | Assam CM

printer

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আঁচনিখনৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক প্ৰাৰম্ভিক আর্থিক সাহায্য প্ৰদানৰ বাবে নাম পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত কালি আবেদন প’ৰ্টেল মুকলি কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি মুঠ ১ লাখ ৬২ হাজাৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিছিল আৰু সেইসকলে এতিয়া নিৰ্দিষ্ট প্ৰস্তাৱসমূহ আবেদন প’ৰ্টেলত জনাব লাগিব। তাৰ মাজৰ পৰা ৭৫ হাজাৰ যুৱক-যুৱতী নিৰ্বাচন কৰা হ’ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আঁচনিখনৰ অধীনত ২৫ হাজাৰ যুৱক-যুৱতীক এক লাখকৈ টকা প্ৰদান কৰিছে আৰু বাকী এক লাখ টকা দ্বিতীয় কিস্তী হিচাপে অহা ছেপ্তেম্বৰ-অক্টোবৰ মাহত প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক