মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন কৰা হয়। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত উদ্যোগীলৈ দুই লাখৰ পৰা ৫ লাখ পর্যন্ত টকাকৈ আগবঢ়োৱা হয় ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আগ্রহী অহতাসম্পন্ন আবেদনকাৰীসকলে পঞ্জীয়ন কৰিব পাৰে। চি এম এ এ এ প’ৰ্টেল cmaaa.assam.gov.in ত প্ৰথমে নিজৰ নাম পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰকল্পৰ প্ৰতিবেদন জমা দিব পাৰিব। নিজৰ সম্পূৰ্ণ নাম, ম’বাইল নম্বৰ, ই-মেইল আই ডি আদি প্ৰদান কৰি প’ৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব । উল্লেখযোগ্য যে, মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ইতিমধ্যে ৰাজ্যৰ ২৫ হাজাৰ যুৱ উদ্যোগীক ৫১০ কোটি টকা বিতৰণ কৰা হৈছে। যুৱ উদ্যোগীসকলে এই অনুদানৰ সহায়ত অসমৰ আন্তঃগাথনি উন্নয়নৰ বাবে কেৱল চাকৰিমুখী নহৈ বাণিজ্য তথা উদ্যোগৰ জগতত আদৰ্শ সৃষ্টি কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশা প্ৰকাশ কৰে।
Site Admin | October 18, 2024 8:22 PM | CM Atmanirvar Asom