মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে।ইতিপূৰ্বে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কৰণৰ অধীনত ৯ মাহত ভূমি পট্টা সম্পৰ্কীয় ৮ লাখ আবেদন নিষ্পত্তি কৰাৰ লগতে দ্বিতীয় সংস্কৰণত এবছৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা দিয়া হৈছে বুলি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ উদ্বোধন কৰি আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমিহীন লোকক ভূমি প্রদান, দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ স্থগিত ৰখা আবেদনসমূহ পুনৰীক্ষণ, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্রিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণৰ কাম আৰম্ভ কৰা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, চাহ অনুদান ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন আৰু পট্টা প্ৰদান আদি কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰ লগতে ভূমি সম্পৰ্কীয় বিভিন্ন সেৱা ডিজিটাইজ কৰাৰ লগতে মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবলৈ নতুন নিয়ম ৰূপায়ণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণত ৰাজ্যৰ ভূমিপুত্ৰ হিচাপে অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, চাহ জনজাতি আৰু গোৰ্খাসকলে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নহ’ব। ইয়াৰ লগতে চহৰবাসীৰ বাবে প্রিমিয়ামৰ হাৰ আঞ্চলিক মূল্যাংকন ৩ শতাংশলৈ হ্ৰাস কৰা হৈছে। ১৯৭১ চনৰ আগৰ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ ধাৰকসকলকো মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ যোগ্য বুলি বিবেচিত কৰা হৈছে। এই অভিযানৰ জৰিয়তে অগ্ৰাধিকাৰপ্ৰাপ্ত গোটসমূহক ভূমিস্বত্ব প্ৰদান কৰা লগতে ভূমি সম্পৰ্কীয় সেৱাসমূহত স্বচ্ছতা আনিবলৈ প্ৰচেষ্টা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৱগত কৰে। উল্লেখযোগ্য যে এই সেৱাসমূহৰ দ্বাৰা উপকৃত হ’বলৈ sewasetu.assam.gov.in-ত আবেদন কৰিব পাৰিব অথবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈ আবেদন প্রক্রিয়া সম্পন্ন কৰিব পাৰিব।
Site Admin | October 20, 2024 7:14 PM | Misson Basundhara 3.0