মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্রক্রিয়া সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে আজিৰ পৰা অহা ৮ ছেপ্তেম্বৰলৈকে সঞ্চালকালয়ৰ পোৰ্টেল dee.assam.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঞ্চালকালয়ে এটা নির্দেশনাযোগে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলে প’ৰ্টেলৰ জৰিয়তে যিকোনো ওজৰ আপত্তি দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা ৮৩৪ জন প্রার্থীয়ে প’ৰ্টেলত থকা লিংকত ওজৰ আপত্তিৰ লগতে নথিপত্র দাখিল কৰিব পাৰিব। চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তিপত্ৰ জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো প’ৰ্টেলত সন্নিবিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো ওজৰ আপত্তিৰ বিপৰীতে সমৰ্থিত নথিপত্র দাখিল কৰিব লাগিব। প’ৰ্টেলৰ জৰিয়তে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্ৰাৰ্থীসকলক নিযুক্তিপত্র প্রদান কৰা হ’ব।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ লক্ষ্যৰ অংশ হিচাপে এই নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। যোৱা ২৬ আগষ্ট পর্যন্ত ৰাজ্য চৰকাৰে এক লাখ ৩৮৯ গৰাকী লোকক বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিছে। আজি ২৩ হাজাৰ ৯৫৬ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ’ব এক লাখ ২৪ হাজাৰ ৩৪৫ গৰাকী। যোৱা ৫ আগষ্টত সমগ্ৰ শিক্ষা বিভাগে ৰাজ্যৰ ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই ৩৫ হাজাৰ শিক্ষকৰ ভিতৰত ২৩ হাজাৰ ৯৫৬ গৰাকীয়ে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন দাখিল কৰে। বাকী থকা প্ৰায় ১০ হাজাৰ শিক্ষকে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। গোচৰটোৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতৰ দ্বাৰস্থ হোৱা শিক্ষকসকলৰ পৰিৱৰ্তে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন কৰা শিক্ষকসকলৰ নিযুক্তি প্রক্রিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰে ২৩ হাজাৰ ৯৫৬ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰে।

অধিক পঢ়ক

সকলো চাওক