মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে ভাষণ প্ৰদান কৰে। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যবাসীয়ে ব্যাপক উৎসাহ-উদ্দীপনাৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে। মা কামাখ্যা আৰু শংকৰদেৱৰ পৱিত্ৰ ভূমিৰ পৰা সমূহ অসমবাসীৰ হৈ মুখ্যমন্ত্ৰীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভ কামনা জ্ঞাপন কৰে। কেইদিনমানৰ পূৰ্বে ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰি সংকটপূৰ্ণ পৰিস্থিতিত সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ জোৱানসকলে আগবঢ়োৱা সেৱাৰ বাবে জোৱানসকললৈ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে, গুৱাহাটীত চৰকাৰী কাৰ্যসূচী আজি পুৱা চাৰে ৪ বজাত প্ৰভাতী গীতাঞ্জলিৰে আৰম্ভ কৰাৰ পাছত ৭ বজাত চৰকাৰে কাৰ্যবাহীসকলৰ বাসভৱনত আৰু চাৰে ৭ বজাত সকলো চৰকাৰী, অর্ধচৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। পুৱা ৭ বাজি ৪৫ মিনিটৰ পৰা কুচকাৱাজত ভাগ ল’বলগীয়া দলসমূহ আৰু ৮ বাজি ১৫ মিনিটৰ পৰা নিমন্ত্ৰিত অতিথি তথা জনসাধাৰণ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হোৱাৰ পাছত পুৱা ৯ বজাত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে অভিবাদন গ্ৰহণ কৰে। এই অনুষ্ঠানত অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰে। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত পুৱা ১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট চিকিৎসালয় আৰু যক্ষ্মা চিকিৎসালয়ৰ ৰোগীসকলৰ লগতে বিভিন্ন অনাথ আশ্রম, মুক-বধিৰ বিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু আন ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠানত ফলমূল আদি বিতৰণ কৰা হয়। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া চাৰে ৬ বজাত চৰকাৰী কাৰ্যালয়, নাগৰিকৰ বাসগৃহ আদিত বন্তি প্ৰজ্বলন কৰা হ’ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে ।

অধিক পঢ়ক

সকলো চাওক