মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকৰ মাজত চেক বিতৰণ

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আজি ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ মাজত চেক বিতৰণ কৰা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩০ জন লোকক প্ৰথম পৰ্যায়ৰ চেকসমূহ বিতৰণ কৰে। পৰৱৰ্তী সময়ত সমষ্টিটোৰ প্ৰায় এহেজাৰ লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আর্থিক সাহায্য বিতৰণ কৰা হ’ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকীও কার্যবাহী সদস্য উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক