পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি শিশু জন্ম দিয়াৰ পাছত মৃত্যু হোৱা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত মানবিশিষ্ট কার্য সম্পাদন বিধি পালন নকৰাৰ অভিযোগত হাস্পতালখনৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কালি প্ৰকাশ কৰা মতে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৰুজু কৰা এটা অভিযোগৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু চি আই ডি-এ এটা ফৌজদাৰী গোচৰ ৰুজু কৰিছে। ১৩ জনীয়া সদস্যৰ এখন কমিটী আৰু চি আই ডি-এ ইতিমধ্যে ইয়াৰ তদন্ত প্রতিবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে মহিলাগৰাকীৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
Site Admin | January 17, 2025 10:36 AM | Doctor Suspension
মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন
