March 30, 2024 8:53 PM | Election 2024

printer

মিজোৰামত আগন্তুক লোকসভা নিৰ্বাচনত ৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

মিজোৰামত আগন্তুক লোকসভা নিৰ্বাচনত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ লগে লগে এতিয়া আনুষ্ঠানিকভাৱে ছয়জন প্রার্থীয়ে নির্বাচনী যুঁজত নামি পৰিছে। শাসকীয় জোৰাম পিপলছ মুভমেণ্টে ৰিচাৰ্ড ভানলালহমাংগাইহাক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে মূল বিৰোধী মিজো নেচনেল ফ্রণ্টে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ কে ভানলালভেনাক প্রার্থীত্ব দিছে। কংগ্ৰেছে প্রাক্তন এম পি এছ বিষয়া লালবিয়াকজামাক মনোনীত কৰাৰ বিপৰীতে বিজেপিয়ে ৰাজ্যিক সভাপতি ভানলালহমুৱাকাক প্ৰক্ষেপ কৰিছে। পিপলছ কনফাৰেন্স (পিচি) দলে এগৰাকী মহিলা প্রার্থী ৰীতা মালছামীক মনোনীত কৰাৰ বিপৰীতে সমাজ কৰ্মী লালহয়াট্রেংগা ছাংটে নির্দলীয় প্রার্থী হিচাপে মনোনয়ন দাখিল কৰিছে। ভোটগ্ৰহণৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে প্ৰচাৰৰ ধাৰাবাহিকতা বৃদ্ধি পাইছে৷ মিজোৰামৰ একমাত্ৰ লোকসভা আসনখন দখল কৰিবলৈ ভোটাৰক আকৰ্ষণ কৰিবলৈ আটাইকেইজন প্রার্থীয়ে পূর্ণ উদ্যমে প্ৰচাৰ চলাইছে। একমাত্র লোকসভা আসনৰ বাবে নিজৰ প্ৰতিনিধি বাছনি কৰিবলৈ মিজোৰামত ১৯ এপ্ৰিলত ৮ লাখৰো অধিক ভোটাৰে ভোটদান কৰিব।

অধিক পঢ়ক

সকলো চাওক