প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে, আমাৰ চৰকাৰে ভাৰতৰ চহকী ঐতিহ্য আৰু সংস্কৃতিক সমন্বয়ৰ দোলেৰে বান্ধি স্বীকৃতি দি আহিছে। তেওঁ কয় যে, আঞ্চলিক ভাষাসমূহক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও ই প্ৰমাণ কৰে। এই ভাষাসমূহে আমাৰ সাংস্কৃতিক বিচিত্ৰতাক প্ৰদৰ্শন কৰি আহিছে বুলিও তেওঁ কয়। প্রধানমন্ত্ৰীয়ে কয় যে, কেন্দ্রীয় কেবিনেটে চেন্নাই মেট্ৰো ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে জনোৱা অনুমোদনে যাতায়াত সূচল কৰাৰ লগতে বহনক্ষম অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব। শ্ৰী মোদীয়ে চেন্নাই আৰু তামিলনাডুৰ জনসাধাৰণক চেন্নাই- মেট্ৰো ৰে’ল প্ৰকল্পত কেবিনেটে জনোৱা অনুমোদনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ইপিনে খোৱা তেল আৰু তৈল বীজৰ ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত সম্পর্কে প্রধানমন্ত্রীয়ে কয় যে, আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে, এই অভিযানে ঘৰুৱা তৈল বীজ উৎপাদনক উদগনি যোগোৱাৰ লগতে কঠোৰ পৰিশ্ৰমী কৃষকসকলক সমৰ্থন আৰু দীৰ্ঘস্থায়ী কৃষি কাৰ্যক অনুপ্ৰাণিত কৰিব।
Site Admin | October 4, 2024 6:31 PM | PM-Language