ডাউনলোড
মোবাইল এপ

android apple
signal

মাস্কটত ভাৰত মহাসাগৰ সন্মিলনত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মাস্কটত ১৬ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীক এই সন্মিলনত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে। ভাৰত আৰু ওমানৰ বৈদেশিক মন্ত্ৰালয়ে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র মহম্মদ ৰফিকুল আলমে কালি সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে। সাগৰীয় অংশদাৰিত্ব ক্ষেত্ৰত নতুন দিশৰ উন্মোচন শীৰ্ষৰে চলিত বছৰত এই সন্মিলনৰ আয়োজন কৰা হৈছে। ৩০খন দেশৰ অংশগ্ৰহণেৰে ২০১৬ চনত ছিংগাপুৰত ভাৰত মহাসাগৰ সন্মিলন আৰম্ভ কৰা হৈছিল। এই সন্মিলন বিগত ৮ বছৰত দেশসমূহৰ বিভিন্ন আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। সাগৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই সন্মিলনে দেশসমূহৰ বিকাশ আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এখন সমূহীয়া মঞ্চ প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক