ডাউনলোড
মোবাইল এপ

android apple
signal

মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টনত ভাৰতৰ এম তৰুণ পুৰুষ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্রতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত তৰুণে ২৪-২২, ১৫–২১, ২১-১৩ৰ ব্যৱধানত শীৰ্ষ বাছনিৰ ভাৰতীয় শ্বাটলাৰ প্ৰিয়াংশু ৰাজাৱাটক পৰাস্ত কৰে। তেওঁৰ লগতে ভাৰতীয় খেলুৱৈ সতীশ কুমাৰ, ৰবি ৰবি আৰু আয়ুস চেত্তীয়ে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
ইফালে মহিলাৰ একক শাখাত ভাৰতৰ তনবী শৰ্মা, মানসী সিং আৰু অনমল খাবেইয়ে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ডাবলছত টানিশা ক্ৰাষ্ট’ই মহিলা আৰু মিক্সড ডাবলছ উভয় শাখাতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত ভাৰতৰ লগতে চীন, মালয়েছিয়া, থাইলেণ্ড, ফ্রান্স আৰু ইংলেণ্ডৰ খেলুৱে প্ৰত্যাশিত অগ্রগতি অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক