ডাউনলোড
মোবাইল এপ

android apple
signal

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ আলোচনা

 

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।
আজি পুৱাৰ ভাগত ড° মুইজ্জুৱে ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ৰাজঘাটলৈ যায় আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে।
কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আগ্ৰা আৰু মুম্বাই ভ্ৰমণ কৰিব আৰু বুধবাৰে তেওঁ বেংগালুৰুলৈ যাব। উল্লেখযোগ্য যে, ড° মুইজ্জু পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো দ্বিপাক্ষিক ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ চলিত বৰ্ষৰ জুন মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা উদ্দেশ্যে ভাৰতলৈ আহিছিল।
মালদ্বীপ হৈছে ভাৰত মহাসাগৰ খণ্ডত ভাৰতৰ গুৰুত্বপূৰ্ণ সামূদ্রিক চুবুৰীয়া ৰাষ্ট্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত মালদ্বীপৰ ভূমিকা বিশেষভাৱে উল্লেখনীয়। ৰাষ্ট্ৰপতি মুইজ্জুৰ এই ভ্রমণে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে ভালেমান প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক