মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে প্রধানমন্ত্ৰী মোদী আলোচনাত মিলিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ’ব। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।
এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। ড° মুইজ্জুৱে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অর্পণ কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ আগ্ৰা আৰু মুম্বাই ভ্ৰমণ কৰাৰ লগতে বুধবাৰে বেংগালুৰুলৈ যাব। উল্লেখযোগ্য যে, ড° মুইজ্জ কালি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো দ্বিপাক্ষিক ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ চলিত বৰ্ষৰ জুন মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত আছিল।
মালদ্বীপ হৈছে ভাৰত মহাসাগৰ খণ্ডত ভাৰতৰ গুৰুত্বপূৰ্ণ সামুদ্রিক চুবুৰীয়া ৰাষ্ট্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত মালদ্বীপৰ ভূমিকা বিশেষভাৱে উল্লেখনীয়। ৰাষ্ট্ৰপতি মুইঞ্জুৰ এই
ভ্রমণে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে বহুসংখ্যক প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে দেশখনৰ প্ৰতিৰক্ষা প্ৰশিক্ষণৰ প্ৰায় ৭০ শতাংশ প্রয়োজন পূৰ কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক