বিদেশ মন্ত্রী এছ জয়শংকৰে কৈছে যে, মালদ্বীপ তথা অঞ্চলটোৰ জনসাধাৰণৰ উপকাৰৰ অর্থে দেশখনৰ সৈতে সম্পৰ্ক গভীৰ কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ। তিনি দিনীয়া ভ্রমণসূচীৰে মালদ্বীপলৈ যোৱা ড০ জয়শংকৰে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। ড০ জয়শংকৰে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছন মোমুনকো সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা, সামুদ্রিক সুৰক্ষাৰ যুটীয়া উদ্যম আৰু অঞ্চলটোত শান্তি সুস্থিৰতা বৰ্তাই ৰখাৰ উমৈহতীয়া স্বার্থ সম্পর্কে আলোচনা কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে মলদ্বীপৰ অৰ্থনৈতিক উন্নয়ন আৰু ব্যৱসায় মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মালদ্বীপ মোদ্রিক আর্থিক প্ৰাধীনকৰণ গৱনৰকো দেখা কৰে। পাছত ড০ জয়শংকৰে ভার্চুৱেল ব্যৱস্থাৰে মালদ্বীপৰ ২৮টা দ্বীপত পানী যোগান আৰু অনাময় প্রকল্প উদ্বোধন কৰে।
Site Admin | August 10, 2024 7:23 PM | Dr. S Jaishankar