পৃথিৱীখনক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বন মহোৎসৱৰ আজি সামৰণি পৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেল ৰেলী উলিওৱা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন লোকক কৰ্তৃপক্ষৰ তৰফৰ পৰা গছপুলি প্ৰদান কৰা হয়। তামুলপুৰ জিলাৰ বিভিন্ন স্থানত এই মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰায় ৪ হাজাৰ জোপা গছপুলি ৰোপণৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। হয় । মৰিগাঁও জিলাৰ তেতেলীয়া পাহাৰত বিভিন্ন ফল-মূলৰ গছপুলি ৰোপণ কৰাৰ লগতে বীজ বম দলিওৱা
Site Admin | July 7, 2024 7:45 PM | Forest Festival