শ্ৰীলংকাৰ স্বাস্থ্য আৰু সংবাদ মাধ্যম দপ্তৰৰ মন্ত্ৰী ড০ নলিন্দা জয়াতীচ্ছাই কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে দেশখনৰ চৰকাৰ দায়বদ্ধ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঔষধ নিয়ামক প্ৰাধিকৰণৰ এটা অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণ আইন, ২০১৫ সম্পূৰ্ণৰূপে বলবৎ কৰাৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ ফলত ঔষধৰ মূল্য নির্ধাৰণ, গুণগত মান নিয়ন্ত্ৰণ, আৰু বাণিজ্যৰ নীতিগত দিশসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাটো বাধ্যতামূলক হ’ব। উল্লেখযোগ্য যে, দেশখনৰ ঔষধ কোম্পানীসমূহে নীতিবহির্ভূত ব্যৱস্থাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ কথাটোৱে জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছিল। মন্ত্ৰীগৰাকীয়ে লগতে দেশখনত ঔষধৰ উচিত মূল্য নির্ধাৰণ আৰু বজাৰৰ স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ঔষধৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা সমিতি আৰু ৰাষ্ট্ৰীয় আপীল সমিতিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে যে শ্রীলংকাৰ ৰাষ্ট্ৰীয় ঔষধ উৎপাদন নিগমে স্থানীয়ভাৱে কিছুমান ঔষধ উৎপাদন কৰে যদিও দেশখন ঔষধৰ ক্ষেত্ৰত আমদানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল আৰু ভাৰতে প্ৰায় ৫০ শতাংশ ঔষধ দেশখনক যোগান ধৰে৷
Site Admin | January 30, 2025 4:48 PM | Sri Lanka
মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে শ্ৰীলংকাৰ চৰকাৰ দায়বদ্ধঃ শ্ৰীলংকাৰ স্বাস্থ্যমন্ত্ৰী ড০ নলিন্দা জয়াতীচ্ছা
