ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পর্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰিছে। বিশ্ব পৰ্যটন দিৱসৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশ দ্বাৰ মুকলি কৰে। তেওঁ বি টি আৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বিগত বছৰসমূহত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকি বছৰি এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটক সংখ্যা বৃদ্ধি পোৱাৰ দৰে এইবাৰো যথেষ্ট সংখ্যক দর্শনাৰ্থীৰ আগমন ঘটিব বুলি আশা প্রকাশ কৰে। এই উপলক্ষে আজি এটা বাৰেৰহণীয়া শোভাযাত্রা উলিওৱা হয়। উল্লেখযোগ্য যে ২০২৪-২৫ বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলিৰ দিন পূৰ্বে ১ অক্টোবৰ ধাৰ্য কৰা হৈছিল যদিও পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বিভাগীয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখন আজিৰেপৰা পৰ্যটকৰ কাৰণে পুনৰ মুকলি কৰে।
Site Admin | September 27, 2024 6:42 PM | World Tourism Day Assam