প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে এই অভিযানত অংশগ্ৰহণ কৰাক লৈ সন্তুষ্টি প্রকাশ কৰে। এই অভিযান সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশলৈ সম্প্ৰসাৰিত হোৱাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে শেহতীয়া গায়েনা ভ্রমণ কালত দেশখনৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, তেওঁৰ শাহু আৰু পৰিয়ালৰ অন্য সদস্যসকলে মাতৃৰ নামত এজোপা গছ অভিযানত তেওঁ সংগ দিয়াৰ কথা স্মৰণ কৰে। প্রধানমন্ত্রীয়ে কয় যে মধ্যপ্ৰদেশৰ ইন্দোৰত ২৪ ঘণ্টাৰ ভিতৰত ১২ লাখৰো অধিক গছপুলি ৰোপণ কৰি নতুন অভিলেখ গঢ়া হৈছে। তেওঁ কয় যে এই অভিযানৰ ফলত ইন্দোৰৰ ৰেৱাতি পাৰ্বত্য অঞ্চলৰ অনুৰ্বৰ ভূমি সেউজ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা হৈছে। তেওঁ লগতে ৰাজস্থানৰ জয়ছলমেৰৰ মহিলাৰ এটা দলে ১ ঘণ্টাত ২৫ হাজাৰ গছপুলি ৰোপণ কৰাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত এই অভিযানৰ অধীনত স্থানীয় আৱশ্যকতা অনুযায়ী গছপুলি ৰোপণ কৰা বিভিন্ন সামাজিক সংস্থাৰ উদাহৰণ শ্রীমোদীয়ে দিয়ে। তেওঁ কয় যে এই সংস্থাসমূহে ঠাই বিশেষে ঔষধি গছৰ লগতে চৰাই-চিৰিকটিয়ে বাহ সাজিব পৰাকৈ বিভিন্ন গছপুলি ৰোপণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই অভিযানত অংশগ্রহণ কৰিবলৈ আৰু Mygov.in পৰ্টেল যোগে গছপুলিৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়।
Site Admin | November 24, 2024 12:26 PM | Mann Ki Baat