মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত প্রধানমন্ত্ৰী মোদীৰ আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আলোকপাত কৰিছে। নতুন দিল্লীৰ বাসগৃহত আজি বিয়লি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্রীসকলৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি শ্ৰীমোদীয়ে এই কথা সদৰী কৰে। তেওঁ শিক্ষকসকলে বিভিন্ন ভাষাত শিক্ষার্থীসকলক স্থানীয় সাধুকথা ক’বলৈ পৰামৰ্শ আগবঢ়ায়, যাতে শিক্ষার্থীসকলে ভিন ভিন ভাষা শিকিব পাৰে আৰু ভাৰতৰ সজীৱ সংস্কৃতিৰ পৰিচয় লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, শিক্ষক-শিক্ষয়িত্রীসকলে শিক্ষাৰ্থীসকলক দেশৰ বৈচিত্ৰ্যৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিক্ষামূলক ভ্ৰমণলৈ লৈ যাব পাৰে। ইয়াৰ ফলত শিক্ষার্থীসকলে নতুন কথা শিকিব পাৰিব আৰু নিজৰ দেশৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব। এই কাৰ্য্যই পৰ্য্যটনৰ প্ৰসাৰত আৰু স্থানীয় অর্থ-ব্যৱস্থা টনকিয়াল কৰাত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে পুৰস্কাৰ প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলক সামাজিক মাধ্যমৰ জৰিয়তে পৰস্পৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। শ্রীমোদীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক পৰস্পৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰথাৰ বিষয়ে অৱগত কৰিবলৈও পৰামৰ্শ দিয়ে। পুৰস্কাৰ বিজয়ী শিক্ষক-শিক্ষয়িত্রীসকলে প্রধানমন্ত্ৰীৰ সৈতে শিক্ষণ অভিজ্ঞতা ভগাই লয়। তেওঁলোকে লগতে শিক্ষণ প্রক্রিয়া অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে প্ৰয়োগ কৰা আমোদজনক কিটিপৰ বিষয়ে প্ৰকাশ কৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলে নিয়মীয়া শিক্ষণ কাৰ্য্যৰ লগতে সামাজিক কাম-কাজৰো উদাহৰণ দিয়ে। প্রধানমন্ত্ৰীয়ে শিক্ষণৰ প্ৰতি শিক্ষক-শিক্ষয়ীত্ৰীসকলে নিষ্ঠা আৰু বছৰ বছৰ ধৰি তেওঁলোকে প্ৰদৰ্শন কৰা উৎসাহৰ ভূয়সী প্ৰশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক