ডাউনলোড
মোবাইল এপ

android apple
signal

June 29, 2024 12:51 PM | Majuli garmur

printer

মাজুলীৰ গড়মূৰ থানাত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত

মাজুলীৰ গড়মূৰ থানাত কালি নতুন অপৰাধী আইন ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ৰ বিষয়ে এখন জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে সমগ্র দেশজুৰি অহা ১ জুলাইৰ পৰা বলৱৎ হ’বলগীয়া আইন সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিপুল চেতিয়াই পৰিৱৰ্তিত এই আইন সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ৰাইজৰ সহযোগিতা কামনা কৰে ৷ মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰাম সাগৰ নাথ, শিক্ষাবিদ পুতুল মহন্ত, সমাজকর্মী ফিজু দত্ত, সাংবাদিক জীৱন বৰুৱা, গাঁওৰক্ষী বাহিনীৰ প্ৰশান্ত শ‍ইকীয়াই সভাখনত উপস্থিত থাকি আইন সন্দৰ্ভত প্ৰশাসনে ৰাইজক আগতীয়াকৈ জনোৱাৰ বাবে ধন্যবাদ জনায়। এই সভাত উপ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই, আৰক্ষী বিষয়াসকল আৰু গড়মূৰ আৰক্ষী চকীৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইফালে জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত কালি বৰহোলা প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণত বৰহোলা অঞ্চলৰ মহিলাসকলক লৈ শিশুৰ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী শিশু কল্যাণ সমিতিৰ অধীক্ষক বাণীকান্ত বৰুৱাৰ লগতে উপস্থিত থকা জিলা শিশু সুৰক্ষা গোটৰ বিষয়া জ্যোতিকা বৰা, সমাজকৰ্মী ৰুণুমনি বৰা আৰু কাউন্সিলাৰ জিতেন বৰাই উক্ত বিষয় সন্দৰ্ভত আলোচনা কৰি ৰাইজ মাজত সজাগতা সৃষ্টি কৰে।

অধিক পঢ়ক

সকলো চাওক