September 28, 2024 10:39 AM | Badminton

printer

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে আজি মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত টাইৱানৰ শ্বে পে চান্দ আৰু হুং এ তুজুৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০ বাজি ৫০ মিনিটত আৰম্ভ হ’ব। তৃতীয় বাছনিৰ ভাৰতীয় যুটীটোৱে টাইৱানৰ শ্বু য়িন হুই আৰু রু লু য়ুক ২১-১২, ২১-১৭ত গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক