ডাউনলোড
মোবাইল এপ

android apple
signal

মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়। ৰায়পুৰত ছত্তীশগড় আৰক্ষীক সন্মানীয় প্ৰেছিডেণ্টছ কালাৰ প্ৰদান অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ আগেয়ে ছত্তীশগড়ক নক্সালমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ ছত্তীশগড় আৰক্ষীয়ে সাহস আৰু নিষ্ঠাৰে নক্সাল বিৰোধী অভিযান চলাই আছে। তেওঁ কয় যে ছত্তীশগড় চৰকাৰে আত্মসমৰ্পণৰ উত্তম নীতি প্ৰস্তুত কৰিছে আৰু আত্মসমৰ্পণকাৰী মাওবাদীসকলক উপযুক্ত সুবিধা প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ছত্তীশগড় আৰক্ষীক দিয়া নিচান তেওঁলোকৰ সেৱা আৰু ত্যাগৰ প্রতীক।এয়া কেৱল সন্মান নহয়, বৰং তেওঁলোকৰ ওপৰত অৰ্পণ কৰা দায়িত্বও বুলি তেওঁ উল্লেখ কৰেএই উপলক্ষে গৃহমন্ত্রীয়ে ছত্তীশগড় আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ ৰং প্ৰদান কৰাৰ লগতে পেৰেড প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই, বিধানসভাৰ অধ্যক্ষ ড° ৰমন সিং আৰু উপ-মুখ্যমন্ত্ৰী বিজয় শর্মাও উপস্থিত থাকে। এই কার্যসূচীত ছত্তীশগড় আৰক্ষীৰ কেইবাটাও শাখাই আকর্ষণীয় পেৰেড প্ৰদৰ্শন কৰে। এই ভ্ৰমণকালত গৃহমন্ত্ৰীয়ে আজি সন্ধিয়া জগদলপুৰত আয়োজিত বাস্তাৰ অলিম্পিকৰ সামৰণি অনুষ্ঠানত অংশ লব।

অধিক পঢ়ক

সকলো চাওক