July 20, 2024 12:30 PM | Microsoft Company

printer

মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিত প্ৰভাৱিত ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচল ক্ৰমাৎ স্বাভাৱিক

মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ বাবে বিশ্ব জুৰি প্ৰভাৱিত বিমান পৰিবহণ সেৱাৰ পৰা স্বাস্থ্য যতনলৈ বিভিন্ন সেৱা ক্ৰমাৎ স্বাভাৱিক হ’বলৈ ধৰিছে। মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ ফলত সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে। ইয়াৰ বাবে ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচলৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্রাউড ষ্ট্ৰাইক নামৰ চাইবাৰ সুৰক্ষা কোম্পানীটোৱে বিসংগতিপূর্ণ ছফটৱেৰ আপডেট জাৰি কৰাৰ পাছতেই মাইক্ৰছফটৰ উইণ্ডোজ অপাৰেটিং ছিষ্টেম প্ৰভাৱিত হয় আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ ভালেসংখ্যক আহিলা অকামিলা হৈ পৰে। মাইক্ৰ’ছফটৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁলোকে উপভোক্তাসকলক কাৰিকৰী তথ্য আৰু সুৰক্ষা প্ৰদানৰ বাবে ক্রাউড ষ্ট্রাইকৰ সৈতে একেলগে কাম কৰি আছে। ইপিনে, ক্রাউড ষ্ট্রাইকৰ মুখ্যবাহী বিষয়াগৰাকীয়ে এই ব্যাঘাতৰ বাবে ক্ষমা খুজিছে আৰু এই সমস্যা সমাধান কৰা হৈছে বুলি প্ৰকাশ কৰিছে।

কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে চৰকাৰে মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত মাইক্ৰ’চৰ্ট আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমযোগে কৈছে যে, এই খেলিমেলিৰ কাৰণ চিনাক্ত কৰা হৈছে আৰু সমস্যা সমাধানৰ বাবে আপডেট জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ নেটৱৰ্ক প্ৰভাৱিত হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ইপিনে, ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে এই সমস্যা সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছে। এই পৰামৰ্শাৱলীত ক্রাউড স্ট্রাইক এজেণ্ট ফাল্কন চেঞ্চৰ সম্পৰ্কীয় উইণ্ড’জৰ শেহতীয়া আপডেটৰ বাবে সমস্যাৰ সৃষ্টি হোৱা বুলি আৰু সম্পূৰ্ণৰূপে বিকল হোৱা বুলি উল্লেখ কৰা হৈছে। ক্রাউড স্ট্রাইকৰ শেহতীয়া আপডেটৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে আৰু ক্ৰাউড স্ট্রাইক দলে এই সাল-সলনি বাতিল কৰি পূৰ্বৰ অৱস্থালৈ লৈ গৈছে।

অধিক পঢ়ক

সকলো চাওক