এজন যুৱকৰ দেহত মাংকি পক্সৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁ এম পক্সৰ সংক্ৰমণ থকা এখন দেশ অলপতে ভ্ৰমণ কৰিছিল। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এখন বিশেষ চিকিৎসালয়ত ৰোগীজনক আছুতীয়াকৈ ৰখা হৈছে। তদুপৰি, মাংকি পক্সৰ উপস্থিত সন্দৰ্ভত নিশ্চিত হ’বলৈ নমুনা পৰীক্ষা কৰি থকা হৈছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, ৰোগীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ হৈ আছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে, নিৰ্ধাৰিত নীতি অনুসৰি তেওঁৰ চিকিৎসা কৰি থকা হৈছে তথা তেওঁৰ সংস্পৰ্শলৈ অহাসকলৰ বাবে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভ্রমণ সম্পৰ্কীয় এনে ঘটনাৰ মুখামুখি হ’বলৈ দেশ প্ৰস্তুত হৈ আছে বুলি মন্ত্ৰ্যালয়ে সদৰী কৰিছে।
Site Admin | September 8, 2024 8:28 PM | MPOX