ডাউনলোড
মোবাইল এপ

android apple
signal

October 13, 2024 11:59 AM | ICC Women Cricket

printer

মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। বিয়লি চাৰে ৩ বজাত শ্বাৰজাহত হ’বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড স্কটলেণ্ডৰ সন্মুখীন হ’ব। একেদৰে ভাৰত একেটা স্থানত হ’বলগীয়া আজিৰ আনখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। গ্ৰুপ-এৰ এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। ইপিনে, দক্ষিণ আফ্রিকাই যোৱানিশা ডুবাইত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত দক্ষিণ আফ্ৰিকাই ১০৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু দুটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ তাজমিন ব্রীটে ৪২ ৰান কৰে। বাংলাদেশক ফাহিমা খাতুনে দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১০৬ ৰান কৰে। তাজমিন ব্ৰীটক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। ইফালে, নিউজিলেণ্ডে কালি শ্বাৰজাহত অনুষ্ঠিত প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত শ্ৰীলংকাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১১৫ ৰাণ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ১৭ অভাৰ আৰু তিনিটা বলত দুটা উইকেট হেৰুৱাই ১১৮ ৰাণ সংগ্ৰহ কৰে।

অধিক পঢ়ক

সকলো চাওক