October 7, 2024 2:57 PM | t-20 | Womens t-20

printer

মহিলা টি-টুৱেণ্টি বিশ্বকাপত সন্ধিয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা টি-টুৱেণ্টি বিশ্বকাপ প্রতিযোগিতাত আজি সন্ধিয়া শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। কালি ডুবাইত অনুষ্ঠিত এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিছে। ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ’বলৈ ৭ বল বাকী থকা অৱস্থাত পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া ১০৬ ৰানৰ বিজয় লক্ষ্যত উপনীত হয়। কালিৰ খেলখনত ৩ উইকেট লাভ কৰা অৰুন্ধতী ৰেড্ডীক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতে পৰহিলৈ শ্ৰীলংকাৰ বিৰুদ্ধে আৰু অহা দেওবাৰে যোৱাবাৰৰ বিজয়ী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক

সকলো চাওক