ডাউনলোড
মোবাইল এপ

android apple
signal

August 11, 2024 8:17 PM | Annpurna Devi

printer

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীৰ মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সহযোগিতা সন্দৰ্ভত আলোকপাত

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যসমূহৰ সামাজিক কল্যাণ আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপাল আৰু প্ৰশাসকসকলৰ সৈতে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়ে। তেওঁ কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এনে সহযোগিতা অপৰিহাৰ্য। সক্ষম অংগনবাড়ী অভিযান, দ্বিতীয় পোষণ অভিযান, বাৎসল্য অভিযান আৰু শক্তি অভিযানৰ অধীনত মন্ত্ৰ্যালয়ৰ ধ্বজাবাহী কাৰ্যসূচীসমূহৰ সন্দৰ্ভত তেওঁ আলোকপাত কৰে। এই বৈঠকত ২৮ খন ৰাজ্যৰ ভিতৰত ২১ খন ৰাজ্যৰ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। বৈঠকত মহিলা আৰু শিশু মন্ত্ৰ্যালয়ৰ অধীনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বাবে ভৱিষ্যৎ পৰিকল্পনা তথা প্রকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় ।

অধিক পঢ়ক

সকলো চাওক