মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্রুত হোৱাত গুৰুত্ব দি কয় যে, তেতিয়াহে মহিলাৰ সুৰক্ষা নিশ্চিত হৈ উঠিব। প্রধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত আজি এই দৰে কয় । প্রধানমন্ত্রীয়ে কয় যে, সর্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱকে প্রতিফলিত কৰিছে।

Read Now:

সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰীয়া ইতিহাসক ভাৰতৰ সংবিধান আৰু সাংবিধানিক প্ৰমূল্যৰ পৱিত্ৰ যাত্ৰা হিচাপে শ্ৰী মোদীয়ে অভিহিত কৰে। তেওঁ কয় যে, এই যাত্ৰা হৈছে গণতন্ত্ৰ হিচাপে ভাৰত অধিক পৰিপক্ক হৈ উঠাৰ যাত্ৰা। দেশৰ জুৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ সময়তো আনকি সর্বোচ্চ ন্যায়ালয়ে দেশবাসীৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰি ৰাখিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, যেতিয়াই ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত প্রশ্ন উঠে, তেতিয়াই ন্যায়ালয়ে সদায় ৰাষ্ট্ৰীয় সংহতিৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি আহিছে। তেওঁ কয় যে, ভাৰতবাসীয়ে কেতিয়াও কোনো কাৰণতে সর্বোচ্চ ন্যায়ালয় অথবা ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা নাই। সেই বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ উজ্বল কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, সত্যমেৱ জয়তেৰ জৰিয়তে ন্যায়ালয়ে সাংস্কৃতিক বার্তাও বহন কৰি আহিছে। ভাৰতীয় গণতন্ত্ৰত ন্যায়িক ব্যৱস্থাক সংবিধানৰ ৰক্ষক হিচাপে গণ্য কৰি অহা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় য়ে, এয়া ন্যায়িক ব্যৱস্থাটোৰ ওপৰত অৰ্পিত বৃহৎ দায়িত্ব। অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, চলিত বছৰৰ মাৰ্চত কচ্ছত অনুষ্ঠিত সদৌ ভাৰত জিলা ন্যায়াধীশ সমাৰোহৰ অংশ হিচাপে এই দুদিনীয়া সমাৰোহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে এই সমাৰোহত ভাৰতীয় আইন ব্যৱস্থাৰ ভৱিষ্যত সন্দৰ্ভত সুসংহত নীতি উদ্ভাৱনৰ বাবে জিলা ন্যায় ব্যৱস্থা আৰু অন্যান্য সকলৰ মাজত বিস্তৃত আলোচনা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক