মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

লালকীল্লাত ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ ঘটনাক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ কয় যে, এনে ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক শীঘ্ৰে শাস্তি প্ৰদান কৰা উচিত। তেওঁ কয় যে, সংবাদ মাধ্যমত ধৰ্ষণৰ ঘটনাৰ বহুল প্ৰচাৰ হয় যদিও দোষীসকলক প্ৰদান কৰা সাস্তিৰ বিশয়ে বিশেষ প্ৰচাৰ কৰা নহয়। তেওঁ কয় যে, অপৰাধীসকলক প্ৰদান কৰা শাস্তিৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ হ’ব লাগে যাতে জনসাধাৰণে এনেধৰণৰ জঘন্য অপৰাধ সংঘটিত কৰিবলৈ ভয় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশত উমৈহতীয়া দেৱানী বিধিৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষ দেৱানী বিধি বলৱৎ হোৱা উচিত। তেওঁ উন্নত ভাৰতবৰ্ষৰ সপোন বাস্তবায়িত কৰাৰ উদ্দেশ্যে এখন দেশ, এটা নিৰ্বাচনৰ বাবে আগবাঢ়ি আহিবলৈ ৰাজনৈতক দলসমূহৰ প্ৰতিআহ্বান জনায়। বৰ্তমান চৰকাৰে ফৌজদাৰী আইনসমূহৰ সংস্কাৰ সাধন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, শাস্তি নহয় বৰং নাগৰিকসকলক ন্যায় প্ৰদানৰ উদ্দেশ্যে নতুন ফৌজদাৰী তিনিখন ৰূপায়ণ কৰা হৈছে। তেওঁ লগতে জীৱন-ধাৰণ সুগম কৰি তোলাৰ বাবে সকলো ক্ষেত্ৰত যুদ্ধকালীন তৎপৰতাৰে পদক্ষেপ ল’বলৈ চৰকাৰ আৰু জন প্রতিনিধিসকলৰ প্ৰতি আহ্বান জনায়। অত্যাধুনিক আন্তঃগাঁথনিৰ সৃষ্টি আৰু জীৱন ধাৰণ সূচল কৰণে দেশৰ প্ৰগতি ত্বৰান্বিত কৰিছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে, তৃতীয় লিংগৰ লোকসকলক সন্মানজনক জীৱন প্ৰদানৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক