October 20, 2024 11:38 AM | Womens t-20

printer

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন নিউজিলেণ্ড

নিউজিলেণ্ড আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত প্রতিযোগতাৰ ইতিহাসত ২০১৬ চনৰে পৰা প্ৰথমবাৰৰ বাবে নতুন দল চেম্পিয়ন হোৱাটো নিশ্চিত হৈ পৰিছে । দক্ষিণ আফ্রিকাই ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে ।

অধিক পঢ়ক

সকলো চাওক