আয়োজক দেশ শ্রীলংকাই কালি ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৯৩ৰাণ কৰে। থাইলেণ্ডৰ হৈ নন্নাপট কোনচৰোএনকাইয়ে ৫৩টা বলত ৪৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শ্ৰীলংকাৰ কৰিছা দিলহাৰীয়ে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১১ অভাৰ আৰু তিনিটা বলত এটাও উইকেট নেহেৰুৱাকৈ ৯৪ ৰাণ কৰে। শ্ৰীলংকাৰ হৈ ছমাৰি উথাপঙ্গুই ৪৫ আৰু ৱিশ্মি গুণৰত্নেই ৩৯ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰত শুকুৰবাৰে হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে একেদিনাই হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত শ্ৰীলংকা আৰু পাকিস্তান মুখামুখি হ’ব।
Site Admin | July 25, 2024 11:00 AM | Women’s Asia Cup T20 2024