ডাউনলোড
মোবাইল এপ

android apple
signal

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ-এৰ এখন গুৰুত্বপূৰ্ণ খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২ বজাত আৰম্ভ হ’ব। ভাৰত খেলখনত জয়ী হ’লে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । আয়োজক দেশ শ্রীলংকাই কালি ৱিশমী গুণৰত্নেৰ অৰ্ধ শতকৰ সহায়ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। শ্ৰীলংকাই ১১২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্রম কৰে। বাংলাদেশৰ হৈ নাহিদা আখটাৰে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ১১১ ৰান কৰে। বাংলাদেশৰ অধিনায়ক নিগাৰ চুলতানাই ৫৯টা বলত ৪৮ ৰান কৰে। শ্ৰীলংকাৰ হৈ উদেশিকা প্রবোধনী আৰু ইন’ছি প্রিয়দর্শনীয়ে দুটাকৈ উইকেট লাভ কৰে। শ্ৰীলংকাৰ ৱিশমী গুণৰত্নেক প্লেয়াৰ অব্ দ্যা মেছ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক