October 12, 2024 12:06 PM | Women Cricket

printer

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ খেলত অষ্ট্ৰেলিয়াৰ হাতত পাকিস্তান ৯ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই যোৱানিশা ডুবাইত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আৰম্ভণিতেই শ’লঠেকত পৰে আৰু ১৯ অভাৰ আৰু ৫টা বলত মাত্র ৮২ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। অষ্ট্ৰেলিয়াৰ হৈ এশ্লে গার্ডনাৰে চাৰিটা উইকেট দখলৰ কৰাৰ বিপৰীতে জর্জিয়া ৱেয়ৰহমে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্র ১১ অভাৰত এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হোলিয়ে ৩৭ ৰান আৰু এলিছ পেৰীয়ে ২২ ৰান কৰে। এশ্নে গার্ডনাৰক প্লেয়াৰ অর্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। পাকিস্তান দলৰ অধিনায়ক ফাটিমা ছানাই কালি খেলখনত অংশগ্ৰহণ কৰা নাছিল। দেউতাকৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ছানা ঘৰলৈ উভতি গৈছে। ভাৰত কাইলৈ গ্ৰুপ পৰ্যায়ত নিজৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক