October 11, 2024 11:36 AM | ICC Cricket

printer

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ জয়লাভ

ৱেষ্ট ইণ্ডিজে যোৱা নিশা ইউ এ ইৰ শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰে। বাংলাদেশে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ১০৩ ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ অধিনায়ক নিগাৰ চুলতানাই ৪৪টা বলত ৩৯ ৰাণ সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ কৰিশ্মা ৰামহাৰেকে চাৰিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১৩ অভাৰ ৫টা বলত দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক মেথিউজ আৰু ষ্টেফনি টেইলৰে অপেনিং যুটীত মাত্র ৭ অভাৰ আৰু তিনিটা বলত ৫২ ৰাণ সংগ্ৰহ কৰি দলৰ জয় নিশ্চিত কৰে। ৰামহাৰেক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ৱেষ্ট ইণ্ডিজ এই জয়ৰ সুবাদত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা নিশ্চিত হৈ পৰিছে। প্রতিযোগিতাত আজি ডুবাইত হ’বলগীয়া গ্ৰুপ এৰ এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক