ভাৰতে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰু-এৰ এখন খেলত শ্রীলংকাক ৮২ ৰানত পৰাস্ত কৰে। ৰানৰ দিশৰ পৰা মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃহৎ জয়। ভাৰত কালি জয়ৰ সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ৰান ৰেটৰ আধাৰত পাকিস্তান আৰু নিউজিলেণ্ডক চেৰ পেলাবলৈ সক্ষম হৈছে। ভাৰতে খেলখনত প্রথমে বেট ধৰি হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাৰ অৰ্ধ শতকৰ সহায়ত ১৭২ ৰান কৰে। স্মৃতি মান্ধানাই ৫০ ৰান কৰাৰ বিপৰীতে হৰমনপ্রীত কৌৰে ৫২ ৰান কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯০ ৰান কৰিবলৈ সমৰ্থ হয়। হৰমনপ্রীত কৌৰক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাত আজি শ্বাৰজাহত হ’বলগীয়া গ্ৰুপ-বিৰ এখন খেলত বাংলাদেশ ৱেষ্ট ইণ্ডিজৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Site Admin | October 10, 2024 12:13 PM | Women ICC T-20