মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত

শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত হয়। প্রথমে বেট ধৰি নিউজিলেণ্ডে ৪টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত অভাৰত ১৬১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৯ অভাৰত মাত্ৰ ১০২ ৰানহে কৰিবলৈ সক্ষম হয়। নিউজিলেণ্ডৰ হৈ ৰোজ মেৰী মেয়ৰে চাৰিটা উইকেট লয়। ছোফি ডিবাইনে সর্বাধিক ৩৬টা বলত ৫৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰেণুকা সিঙে দুটা উইকেট লয়। ভাৰতে অহা ১৩ অক্টোবৰত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। আনহাতে কাইলৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ’ব। ৯ অক্টোবৰত হ’বলগীয়া খেলখনত দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, প্লে অফৰ সুযোগ উজ্জীৱিত কৰি ৰখাৰ বাবে ভাৰতে এই আটাইকেইখন খেলতে জয়লাভ কৰাৰ লগতে নেট ৰান ৰেটো বৃদ্ধি কৰিব লাগিব।
গ্রুপ-এৰ এখন খেলত আজি অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ মুখামুখি হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন দুপৰীয়া চাৰে ৩ বজাত আৰম্ভ হ’ব। দ্বিতীয়খন খেল গ্রুপ-বিৰ ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। দুয়োখন খেলে শ্বাৰজাহাত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক