ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰ চৰকাৰে মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে এইবিষয়ে প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে এনে পদক্ষেপসমূহে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰাৰ লগতে অধিক উন্নয়নৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যখনৰ গড়চিৰৌলি আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে কালি গড়চিৰৌলিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিজৰ সন্মুখত ১১ জন নক্সালবাদী সংগঠনৰ সদস্যই আত্ম-সমৰ্পন কৰিছিল। শ্রী ফাৰ্ণাৱিজে ৰাজ্যখনৰ মাওবাদী সংগঠনৰ সদস্যসকলে ক্রমান্বয়ে অস্ত্ৰ পৰিহাৰ কৰিবলৈ আৰম্ভ কৰাৰ লগতে নতুন সদস্য নিযুক্তি দিবলৈ অসমৰ্থ হোৱা বুলি প্ৰকাশ কৰি শীঘ্ৰেই মহাৰাষ্ট্ৰ নক্সালবাদৰ সমস্যাৰ পৰা মুক্ত হ’ব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক