মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণো আৰম্ভ হৈছে। বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। অৱশ্যে সুৰক্ষাজনিত কাৰণত ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত ৩১টা সমষ্টিত বিয়লি ৪ বজালৈকে ভোটগ্রহণ কৰা হ’ব। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে মুঠ ৪ হাজাৰ ১৩৬ গৰাকী প্ৰতিদ্বন্দ্বী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ২ হাজাৰ ৮৬ গৰাকী নিৰ্দলীয় প্রার্থী আছে। বিজেপিয়ে ১৪৯টা সমষ্টিত, শিৱসেনাৰ একনাথ সিন্দে গোটে ৮১টা সমষ্টিত আৰু এন চি পিৰ অজিত পাৱাৰ গোটে ৫৯টা সমষ্টিত প্রার্থী দিছে। আনহাতে কংগ্ৰেছে ১০১টা সমষ্টিত, উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই ৯৫টা সমষ্টিত আৰু এন চি পিৰ শাৰদ পাৱাৰ গোটে ৮৬টা সমষ্টিত প্রার্থী ঠিয় কৰাইছে। বহুজন সমাজ পাৰ্টিৰ ২৩৭ গৰাকী আৰু এ আই এম আই এমৰ ১৭ জন প্ৰাৰ্থীৰ ভাগ্যও আজিৰ ভোটগ্রহণত নিশ্চিত হ’ব। ইপিনে, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পর্যায়ত আজি ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। এই পর্যায়ত এক কোটি ২৩ লাখতকৈও অধিক ভোটদাতাই ৫৫ গৰাকী মহিলাকে ধৰি মুঠ ৫২৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত হেমন্ত চোৰেন, বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডি, বিধানসভাৰ অধ্যক্ষ ৰবীন্দ্ৰ নাথ মাহটো, বিধানসভাত বিৰোধী পক্ষৰ নেতা অমৰনাথ কুমাৰ বৌৰি, এ জে এছ ইউৰ সভাপতি সুদেশ কুমাৰ মাহটো, ৰাজ্যিক মন্ত্ৰী ইৰফান আনচাৰি, হাফিজুল হাচান, দীপিকা পাণ্ডে সিং আৰু কল্পনা চোৰেণ অন্যতম। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবি কুমাৰে ভোটদাতা সকলক নির্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনাইছে। নির্বাচন মুক্ত আৰু নিকাভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কটকটীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে। এই পৰ্যায়ৰ বাবে স্থাপন কৰা ১৪ হাজাৰ ২১৮টা ভোটগ্রহণ কেন্দ্ৰৰ আটাইকেইটাতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ লোক নিয়োগ কৰা হৈছে। আন্তঃৰাজ্যিক সীমান্তসমূহ বন্ধ কৰি দিয়া হৈছে আৰু অনুপ্রবেশ তথা অসামাজিক শক্তিসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে বিহাৰ আৰু পশ্চিম বংগ সীমান্তত বিশেষ যুটীয়া অভিযান আৰম্ভ কৰা হৈছে। যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ হেলিকপ্তাৰো সাজু কৰি ৰখা হৈছে।
Site Admin | November 20, 2024 11:51 AM | Maha-Jharkhand Election